Type Here about your Information !

সাহিত্য কুইজ

 

সাহিত্য কুইজ

সাহিত্য কুইজ

১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ?
- শ্ৰীমন্ত শংকৰদেৱ ৷

২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?
- কীৰ্ত্তন

৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ?
- ভট্টদেৱ ৷

৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
- যতীন্দ্ৰ নাথ দুৱৰা ৷

৫. অসমীয়া চুটিগল্পৰ জনক কোন ?
- লক্ষ্মীনাথ বেজবৰুৱা ৷

৬. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
- লক্ষ্মীনাথ বেজবৰুৱাৰ 'সুৰভি' ৷

৭. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?
- ৰবিন্সন (১৮৩৯ চন)

৮. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?
- ব্ৰনচন (১৮৬৭ চন)

৯. অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন ?
- পদ্মনাথ গোহাঞিবৰুৱা ৷

১০. অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?
- শিৱসাগৰত , ১৯১৭ চনৰ ডিচেম্বৰ মাহত ৷

১১. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল ?
- হেমচন্দ্ৰ বৰুৱা ৷

১২. প্ৰথম অসমীয়া নাটক --- শংকৰদেৱৰ চিহ্নযাত্ৰা ৷

১৩. প্ৰথম অসমীয়া কথাকবিতাৰ ৰচিয়তা --- যতীন্দ্ৰ নাথ দুৱৰা ৷

১৪. প্ৰথম অসমীয়া ছপা পুথি --- আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক (১৮১৩ চন) ৷

১৫. প্ৰথম অসমীয়া চিকাৰ কাহিনী --- তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী ৷

১৬. প্ৰথম অসমীয়া ছনেট --- হেমচন্দ গোস্বামী ৰচিত প্ৰিয়তমাৰ চিঠি ৷

১৭. প্ৰথম অসমীয়া ছপা উপন্যাস --- পদ্মনাথ গোহাঞিবৰুৱা ৰচিত লাহৰী (১৮৯২ চন) ৷

১৮. অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কোনবোৰ গীতত পোৱা যায় ?
- চৰ্যাপদ বা চৰ্যাগীতত ৷

১৯. প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?
- লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’ ৷

২০. প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি ?
- বনকুঁৱৰী (কবি – চন্দ্ৰকুমাৰ আগৰৱালা) ৷

২১. প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি ?
- ‘বিলাতৰ চিঠি’ (১৯৩৯ চন) লেখক – জ্ঞানদাভিৰাম বৰুৱা ৷

২২. অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?
- ভট্টদেৱক ৷

২৩. অসমৰ প্ৰথম চনেট কবি কোন ?
- হেমচন্দ্ৰ গোস্বামী ৷

২৪. অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি ?
- হেমসৰস্বতীৰ “প্ৰহ্লাদ চৰিত” ৷

২৫. অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয় ?
- “জোনাকী” কাকত ওলোৱাৰ পৰা

২৬. অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
- ৰজনীকান্ত বৰদলৈক ৷

২৭. প্ৰথন অসমীয়া ব্যাকৰণখনৰ নাম কি ?
- “গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ” – উইলিয়াম ৰবিনছন(১৮৩৯)

২৮. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?
- শৰৎ চন্দ্ৰ গোস্বামী ৷

২৯. অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
- “চন্দ্ৰকান্ত অভিধান” ১৯৩৩ চন ৷

৩০. ‘চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?
- ফণী শৰ্মা ৷

৩১. “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন ?
- পদ্মনাথ গোহাঞি বৰুৱা ৷

৩২. সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি ?
- বনফুল (১৯৫২) লেখক – যতীন্দ্ৰনাথ দুৱৰা ৷

৩৩. মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বটাঁ পোৱা গ্ৰন্থখনৰ নাম কি ?
- মামৰে ধৰা তৰোৱাল ৷

৩৪. সাহিত্য অকাডেমী বটাঁ প্ৰাপ্ত হীৰেণ ভট্টাচাৰ্য্যৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?
- সুগন্ধি পখিলা ৷

৩৫. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?
- চন্দ্ৰকুমাৰ আগৰৱালা ৷

৩৬. ৰামধেনু ৰ সম্পাদক কোন আছিল ?
- ইন্দ্ৰকমল বেজবৰুৱা ৷

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.