Type Here about your Information !

অসম কুইজ

অসম কুইজ


অসম কুইজ

১. কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয় ?
- বিষ্ণুপ্ৰসাদ ৰাভা ৷

২. কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বোলা হয় ?
- জ্যোতিপ্ৰসাদ আগৰৱালাক ৷

৩. কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে খ্যাত ?
- গোপীনাথ বৰদলৈ ৷

৪. কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ?
- নবীনচন্দ্ৰ বৰদলৈ ৷

৫. কোনজন অসমীয়াক ‘দেশভক্ত’ নামেৰে খ্যাত ?
- তৰুণৰাম ফুকন ৷

৬. অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?
- আনন্দ চন্দ্ৰ আগৰৱালা ৷

৭. ‘বিহগী কবি’ হিচাপে কোনজন কবি জনজাত ?
- ৰঘুনাথ চৌধৰী ৷

৮. ‘নটসূৰ্য্য’ নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন ?
- ফণী শৰ্মা ৷

৯. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে ?
- গুৱাহাটীত ৷

১০. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন ?
- মীৰা শৰ্মা ৷

১১. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
- ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী ৷

১২. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন ?
- গোপীনাথ বৰদলৈ ৷

১৩. প্ৰথম অসমীয়া ৰাজ্যপালজন কোন ?
- বিষ্ণুৰাম মেধি (মাদ্ৰাজ, ১৯৫৭) ৷

১৪. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন ?
- ফকৰুদ্দিন আলি আহমেদ ৷

১৫. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ?
- চৈয়দা আনোৱাৰা টাইমুৰ ৷

১৬. প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?
- হলীৰাম ফুকন ৷

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.