Type Here about your Information !

বুৰঞ্জী কুইজ

 

বুৰঞ্জী কুইজ

বুৰঞ্জী কুইজ

১. অসমৰ প্ৰাচীন নাম কি ?
- প্ৰাগজ্যোতিষপুৰ

২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
- ভাস্কৰবৰ্মাৰ দিনত ৷

৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ?
- হিউৱেন চাং

৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
- আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷

৫. আহোমসকলৰ আদি ৰজা কোন আছিল ?
- চুকাফা ৷

৬. আহোমৰ শেষ ৰজাজনৰ নাম কি ?
- স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷

৭. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
- প্ৰায় ৬০০ বছৰ ৷

৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
- ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷

৯. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ?
- স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

১০. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
- চুলিকফা (ৰত্নধ্বজ সিংহ) ৷

১১. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?
- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷

১২. ৰংঘৰ কোনে সজাইছিল ?
- স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত) ৷

১৩. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?
- বদন বৰফুকনে ৷

১৪. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?
- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে) ৷

১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?
- কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷

১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
- নৰনাৰায়ণ ৷

১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
- চক্ৰধ্বজ সিংহৰ দিনত ৷

১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?
- লাচিত বৰফুকন ৷

১৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?
- ৰাম সিংহ ৷

২০. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
- ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷

২১. আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল ?
- চুকাফা ৷ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল ৷

২২. হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ?
- গিয়াচুদ্দিন আউলিয়াই ৷

২৩. কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?
- গোমধৰ কোঁৱৰে ৷

২৪. ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
- স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৷

২৫. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল ?
- লাই কোঁৱৰ ৷

২৬. নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল ?
- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷

২৭. আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল ?
- চৰাইদেউত ৷

২৮. বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল ?
- কুমাৰ ভাস্কৰ বৰ্মন ৷

২৯. কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?
- ১৯৪৩ চনৰ ১৫ জুনত ৷

৩০. মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ?
- ভগদত্ত ৰজাই ৷

৩১.বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?
- অনিৰুদ্ধই ৷

৩২. বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল ?
- ভাস্কৰবৰ্মন ৷

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.