Type Here about your Information !

অসমীয়া সাধাৰণ জ্ঞান - ৪ (প্ৰশ্নোত্তৰ)

অসমীয়া সাধাৰণ জ্ঞান - ৪ (প্ৰশ্নোত্তৰ)

প্ৰশ্ন : একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

উত্তৰ : হাফলং।

প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?

উত্তৰ : ডিব্ৰুগড়।

প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?

উত্তৰ : শিৱসাগ।

প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?

উত্তৰ : মাজুলী।

প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?

উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৬৫ চনত।

প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ : তেজপুৰ।

প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৭৫২ চনত।

প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

প্ৰশ্ন : সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?

উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।

প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?

উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

প্ৰশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ড° তিলোত্তমা গগৈ।

প্ৰশ্ন : যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?

উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।

প্ৰশ্ন : শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?

উত্তৰ : শিৱ দ’ল।

প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

প্ৰশ্ন : শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : শিৱসাগৰ।

প্ৰশ্ন : প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

প্ৰশ্ন : ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?

উত্তৰ : উমানন্দ।

প্ৰশ্ন : কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?

উত্তৰ : ১৬৬৫ চনত।

প্ৰশ্ন : অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : উত্তৰ গুৱাহাটী।

প্ৰশ্ন : হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়। এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?

উত্তৰ : গোৱালপাৰা।

প্ৰশ্ন : কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

প্ৰশ্ন: কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

উত্তৰ : সৌভাগ্য কুণ্ড।

প্ৰশ্ন : অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?

উত্তৰ : পোৱা মক্কা (হাজো)।

প্ৰশ্ন : পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

প্ৰশ্ন : গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?

উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।

প্ৰশ্ন : গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত। ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চম খন তীৰ্থ কি?

উত্তৰ : অশ্বক্লান্ত।

প্ৰশ্ন : বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : বেলশৰ (নলবাৰী)।

প্ৰশ্ন : গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

প্ৰশ্ন : মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫২ চনত।

প্ৰশ্ন : শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।

প্ৰশ্ন : মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?

উত্তৰ : ৩৪ কিঃ মিঃ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.