Type Here about your Information !

অসমীয়া সাধাৰণ জ্ঞান - ৩ (প্ৰশ্নোত্তৰ)

 

অসমীয়া সাধাৰণ জ্ঞান - ২ (প্ৰশ্নোত্তৰ)

প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : অচ্যুত শইকীয়া।

প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ছাৰ ছৈয়দ চাদুল্ল।

প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?

উত্তৰ : মহানন্দ দাস।

প্ৰশ্ন : গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?

উত্তৰ : কনকলতা বৰুৱা।

প্ৰশ্ন : ১৮৮৫ চনত জন্মলাভ কৰা কবি আৰু ‘অসম কেশৰী’ উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিক জনৰ নাম কি?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?

উত্তৰ : কুশল কোঁৱৰ।

প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ ‘জনক’, প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নিৰ্মাতা তথা, শোণিতকুঁৱৰী নাটৰ পৰিচালক জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন : ১৪৪৯ চনত জন্ম গ্ৰ্হণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

প্ৰশ্ন : ১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিত জন কোন?

উত্তৰ : আনন্দৰাম বৰুৱা।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.