Type Here about your Information !

অসমীয়া সাধাৰণ জ্ঞান - ৫ (প্ৰশ্নোত্তৰ)

 অসমীয়া সাধাৰণ জ্ঞান - ৫ (প্ৰশ্নোত্তৰ)

প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?

উত্তৰ : দক্ষিণ পাৰে।

প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি?

উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক।

প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি?

উত্তৰ : নাম্‌চা বুৰুৱা

প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

উত্তৰ : কাৰ্বি আংলং।

প্ৰশ্ন : অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?

উত্তৰ : বাংলাদেশ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত?

উত্তৰ : চান্দডুবি।

প্ৰশ্ন : উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?

উত্তৰ : বৰাইল।

প্ৰশ্ন : অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা।

প্ৰশ্ন : অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি?

উত্তৰ : তমচুক খাম্‌বাব।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?

উত্তৰ : বৰাইল পাহাৰে।

প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?

উত্তৰ : বৰাইল পাহাৰ।

প্ৰশ্ন : অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?

উত্তৰ : শিলঘাট।

প্ৰশ্ন : অসমত সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : নামৰুপ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

উত্তৰ : বোকাজান।

প্ৰশ্ন : কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?

উত্তৰ : সৰ্থেবাৰী।

প্ৰশ্ন : অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?

উত্তৰ : চাবুৱা।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত কয়লা চালিত তাপ-বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?

উত্তৰ : বঙাইগাঁও।

প্ৰশ্ন : অসমৰ মাটি কেই ভাগত ভগাব পাৰি, ভাগ কেইটা কি কি?

উত্তৰ : ৪ ভাগত-বোকামাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি।

প্ৰশ্ন : অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান?

উত্তৰ : আনুমানিক ১৭৮ ৰ পৰা ৩০৫ ছেঃমিঃ লৈ।

প্ৰশ্ন : ভাৰতৰ কোন দিশত অসম অৱস্থিত?

উত্তৰ : অসম্ ভাৰতৰ উত্তৰ – পূৱ অঞ্চলত অৱস্থিত।

প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি?

উত্তৰ : উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট উচ্চতাত উপস্থিত।

প্ৰশ্ন : অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি?

উত্তৰ : বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ।

প্ৰশ্ন : অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাই কি কি?

উত্তৰ : ডিলাই পাহাৰ, কাৰ্বি আংলং।

প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।

প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।

প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : পুৰন্দৰ সিংহ।

প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।

প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।

প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।

প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৩ চনত।

প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।

প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।

প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.