তোমাৰ প্ৰিয় গ্ৰন্থখন
(আৰম্ভণি, গ্ৰন্থখনৰ পৰিচয় - প্ৰিয় হোৱাৰ কাৰণ -সামৰণি )
আৰম্ভণিঃ মই এজন মজলীয়া অৱস্থাৰ গাঁৱলীয়া পৰিয়ালৰ ছাত্ৰ। আজৰি পৰত মই ঘৰুৱা কাম বনতো অলপ লাগি-ভাগি দিব লাগে। তথাপি তাৰ মাজতে ঢৌতে খৰ মাৰি দুই চাৰিখন বাহিৰা কিতাপো নপঢ়া নহয়। আমাৰ মা দেউতা উচ্চ শিক্ষিত নহলেও শিক্ষাৰ প্ৰতি অনুৰাগী। আমাৰ ঘৰত ন-পুৰণি দুয়োবিধ পুথিৰে অলপ অচৰপ চৰ্চা হয়। সৰুতে আইতাৰ মুখত বকাসুৰ বধ, কুলাচল বধ, জংঘাসুৰ বধ আৰু অশ্বকর্ণ বধৰ পুৰণি পুথিৰ কাহিনীবোৰ শুনি শুনি কিমান যে আমোদ পাইছিলো। এই কাহিনীবোৰ শুনিয়েই নেকি পুৰণি পুথি পঢ়িবলৈ লওঁ। পুথিখন পঢ়ি ইমান ৰস পাঁও যে ভাত-পানী পর্যন্ত খোৱাৰ কথা পাহৰি যাওঁ। ইয়াৰ পাছতো আৰু কেইবাবাৰো মই সেই কিতাপখন পঢ়িছোঁ আৰু সিদিনা টেষ্ট পৰীক্ষাৰ পাছতো আকৌ এবাৰ পঢ়োঁ। এতিয়া মোৰ দৃষ্টিভংগী সলনি হৈছে। তথাপি পুথিখনৰ আকৰ্ষণ কমা নাই। গল্প বস্তুৰ আকৰ্ষণ কমিলেও সাহিত্যিক সৌন্দৰ্য্যই মোক এতিয়া বেছিকৈহে আকর্ষিছে। মই যিমানবোৰ কিতাপ পুথি পঢ়িছোঁ, সেইবোৰ আটায়ে মোৰ ভাল লগা পুথি। তথাপি আজি মই ভাল পোৱা পুথি এখন নিৰ্দিষ্ট কৰিবলগীয়া হোৱাত মোৰ মনলৈ সেই পুথিখনৰ কথা বাৰে বাৰে আহিছে। সেইখনিয়ে হ'ল ৰাম সৰস্বতী ৰচিত 'ভীম চৰিত' নামৰ এধানিমান পুথিখন।
গ্ৰন্থখনৰ পৰিচয়: ৰাম সৰস্বতী হ'ল মহাৰাজ নৰনাৰায়ণৰ ৰাজ-সভাৰ এগৰাকী বিশিষ্ট কবি। শ্ৰীমন্ত শংকৰদেৱৰে সৈতে পৰামৰ্শ কৰি মহাৰাজ নৰনাৰায়ণে ৰাম সৰস্বতীক মহাভাৰত পুথিখন অসমীয়াত ভাঙিবলৈ আদেশ দিয়ে। মহাভাৰতৰ উপৰিও ৰাম সৰস্বতীয়ে আৰু এলানি জনপ্ৰিয় কাব্য ৰচনা কৰিছিল। সম্প্ৰতি আমাৰ সাহিত্য আলোচকসকলে এই লানি কাব্যক বধ কাব্য বুলি অভিহিত কৰিছে। তেখেতে জয়দেৱৰ 'গীত গোবিন্দ 'কো পদত ভাঙনি কৰিছিল। ৰাম সৰস্বতীৰ সকলো পুথিয়ে উপাদেয় যদিও ভীম চৰিতখন অতি জনপ্ৰিয়।
"বৈশম্পায়ন যদতি শুনিও নৰেশ্বৰ। কহো কথা পাণ্ডৱৰ ছবাল কালৰ" - বুলি আৰম্ভ কৰি অতি প্ৰাঞ্জল অথচ সৰস ভাষাৰে পাণ্ডৱৰ তথা ভীমৰ বাল্যকালৰ কথা বৰ্ণনা কৰিছে। পুথিৰ কাহিনীটো চমুকৈ এনে---
'সৰুকালত কৌৰৱ-পাণ্ডৱসকল একেলগে উমলি-জামলি ডাঙৰ দীঘল হৈছিল। এওঁলোক আটাইৰে ভিতৰত ভীম আছিল সবাতোকৈ বলী আৰু অলপ উৎপতীয়া বিধৰ। কৌৰৱসকলৰ 'ক্ষীৰ লাডু' তেওঁ প্ৰায়ে কাঢ়ি খাইছিল। আৰু সামান্য অজুহাততে সিহঁতক কিল ভুকু চৰ আদি সোধাইছিল। সিহঁতে ভীমক এৰাই ফুৰিও ৰক্ষা নাপাইছিল। এবাৰ সিহঁতে ভীমক নজনোৱাকৈ হাবিলৈ জামু খাবলৈ গৈছিল, পাছত ভীমে গম পাই সিহঁতক গছৰ পৰা পেলাই আধা মৰা কৰিলে। সিহঁতে গৈ বাপেক ধৃতৰাষ্ট্ৰক সকলো কথা জনালে। 'সন্ধিৰ বাঁহ বুধিৰে কাটিবলৈ' বুলি ধৃতৰাষ্ট্ৰই ভীমক ভাত খাবলৈ বুলি মাতি বিহৰ লাডু খুৱালে। দেউতাক বায়ু ৰজাৰ কৃপাত বিহ খায়ো ভীম নমৰিল। পাছত ভীমক মৰম কৰাৰ ছলেৰে ধৃতৰাষ্ট্ৰই টিপি মাৰিবলৈ খুজিও ব্যর্থ হ'ল।
ইয়াৰ পাছত ৰাজ্য দিয়াৰ ছলেৰে লা'ৰ ঘৰ এটা সাজি তাতে পাণ্ডৱসকলক ৰাখি পুৰি মাৰিবলৈ পাঙিলে। এইবাৰো ভীমৰ সতর্ক দৃষ্টি আৰু বলৰ প্ৰভাৱত মাক কুন্তিৰে সৈতে পাণ্ডৱসকল সাৰি গ'ল। নিশা কেউফালে জুই জ্বলি উঠা সময়তে ভীমে গদাৰে কোৱাই মাটিত সুৰুঙা কৰি সেই সুৰুঙাৰে মাক আৰু ভায়েকহতক লৈ ওলাই গ'ল। তেওঁলোক গৈ গৈ বকাসুৰৰ ৰাজ্যত প্ৰৱেশ কৰিলে আৰু এজন বামুণৰ ঘৰত আশ্ৰয় ললে। বকাসুৰক আকৌ গিৰিপতি পাল পাতি বছৰেকত একোটাকৈ মানুহ দিব লাগে ভোজন কৰিবলৈ। দৈবাৎ সেইবাৰ পাল পৰিল বামুণৰ। বামুণৰ ঘৰত আকৌ মুঠেই তিনিটা প্ৰাণী -মাক, বাপেক আৰু পুতেক। কোনেও কাকো মৰিবলৈ দিব নোখোজে। সিহঁতৰ মাজত কন্দা কটা লাগিল। ভীমে তেতিয়া মাকৰ হতুৱাই কোৱাই নিজে বকাসুৰৰ বলি হ'বলৈ আগবাঢ়িল। ভীমক নি বকাসুৰৰ ভোজন কৰা ঠাইত শিকলি লগাই থৈ অহা হ'ল। নিশা বকাসুৰ ওলালহি। দুৰৈত বকাসুৰৰ সঁহাৰি পাই ভীমে একে আজাৰতে শিকলি ছিঙি ওলাই আহি বকাসুৰৰ কাৰণে ৰান্ধি থোৱা অন্ন ব্যঞ্জন সোপাকে খাই অন্ত কৰিলে আৰু নানান বিকর্থনা কৰি বকাসুৰ আৰু তাৰ ভায়েক জংঘাসুৰ দুয়োকে ৰাতিটোৰ ভিতৰতে সিফলীয়া কৰিলে।পাছদিনা ঘটনা দেখি বিস্ময় মানি সকলো প্ৰজাই ভীমত শৰণ ললে। পাছত আশ্ৰয়দাতা বামুণকে ৰাজপাটত বহুৱাই মাকৰে সৈতে পঞ্চপাণ্ডৱ তাৰ পৰা গৈ কাম্যক বনলৈ গমন কৰিলে।
কাম্যক বনত অন্নৰ কষ্ট হোৱা আৰু অলপ অস্ত্র-বিদ্যা শিকাৰ আশাত ভীমে মাক আৰু ককায়েক যুধিষ্ঠিৰৰ সন্মতি লৈ মহাদেৱৰ ঘৰত ছদ্মৱেশ ধৰি গৰখীয়া হৈ থাকিবলৈ লয়। তাতো ভীমে কম উৎপাতখন কৰা নাই। প্ৰথমতে বি বিশ্বামিত্র ঋষিৰলগত লগায় এখন ঘমঘন্ট। পাছত পার্বতীয়ে দিয়া অন্ন ব্যঞ্জন সোপাকে গৰাহ চেৰেকতে খাই অঁতাই গোঁসানীক লঘু কৰে। লাজ পাই পাৰ্বতী আয়ে মহাদেৱক খেতি কৰিবলৈ পৰামৰ্শ দিয়ে। পাৰ্বতীৰ পৰামৰ্শমতে মহাদেৱেও বাসৱৰ পৰা মাটি লৈ সখীয়েক কুৱেৰৰ পৰা কঠিয়া আনি নিজৰ ত্ৰিশূলপাটকে নাঙলৰ ফাল কৰি লৈ যমৰ বাহন ম'হটো খুজি আনি নিজৰ বলদটোৰে যোৰ কৰি লৈ হাল বোৱাই খেতি আৰম্ভ কৰি দিয়ে। মহাদেৱৰ হাক-বচন নুশুনি পাৰ্বতীয়ে চাবলৈ গৈ খেতিৰ চেহেৰা দেখি আস- উহ কৰিলত জুই লাগি খেতিডৰা পুৰি যায় আৰু সেই আহ- উহ শব্দৰ পৰাই 'খোৱা খুবুনী'ৰ জন্ম হয়। মহাদেৱে দ্বিতীয়বাৰ আকৌ খেতি কৰে আৰু প্ৰথমবাৰৰ দৰেই নদন-বদন খেতি হয়। পকিলত ভীমক দাবলৈ পঁচা হ'ল - ভীমৰ হাতেৰে সৰু সৰু মুঠিৰ মুঠেই তিনিমুঠি। তাকে কৈয়ে ভীমে শিৱ-পাৰ্বতীৰ মাজত এখন কাজিয়া লগাই দিলে। খং উঠি শিৱই ধান তিনি মুঠিত জুই লগাই দিলে। একেৰাহে সাদিন জুই লগাতো ধান পুৰি শেষ নোহোৱাত কমণ্ডলুৰ জলেৰে শিৱই নিজে সেই জুই নুমালে। জুইৰ তাপত কিছুমান ধানৰ বৰণ সলনি হ'ল - এনেকৈয়ে আহু শালি দুবিধ ধানৰ সৃষ্টি হ'ল।
ভীমৰ শেষ কীৰ্তি হ'ল কুৱেৰক কৰা লটি-ঘটি। মহাদেৱৰ মিতা কুৱেৰ। কুৱেৰৰ পৰা ধন আনি নিদিয়াকৈ থাকি মিতাই তিতা লগাই থৈছিল। সেয়ে এদিন দুনাই পাৰ্বতীয়ে কুৱেৰৰ ওচৰত ধন বিচৰাত আগৰ উজকাৰ দি কুৱেৰে পাৰ্বতীক বিমুখ কৰি পঠালে। তেতিয়া মহাদেৱে নিজেই মিতাকৰ ওচৰলৈ যাবলৈ ওলোৱাত মহাদেৱক যাবলৈ নিদি ভীমেই কুৱেৰৰ সমুখত ওলালগৈ। ইয়াৰ আগতেও ভীমে দুবাৰো কুৱেৰক বিপত্তি কৰিছিল। সেইদেখি এইবাৰ ভীমক দেখি য়ে কুৱেৰে পলাবলৈ খুজিছিল, কিন্তু ভীমে পাছৰ পৰাই চুলিত থাপ মাৰি ধৰি পেলালে আৰু হাত দুখন বান্ধি মুৰত নগদ তিনি কুৰি লাখ চিকা ৰূপৰ প্ৰকাণ্ড টোপোলা এটা তুলি দি পিছৰপৰা গদা গোটেৰে ঠেলি ঠেলি আনি মহাদেৱৰ আগত হাজিৰ কৰিলে। সখিয়েকৰ অৱস্থা দেখি মহাদেৱে নিজেই আথ বেথকৈ টোপোলাটো বগৰাই দি হাতৰ বান্ধ মোকোলাই দিলে আৰু ভীমৰ এনে অদ্ভুত কাণ্ড দেখি তেওঁনো দৰাচলতে কোন জানিবলৈ বিচাৰিলে। ভীমেও তেতিয়া নিজৰ পৰিচয় দি মহাদেৱৰ চৰণত পৰি নিজৰ সকলো দায়-দোষৰ বাবে ক্ষমা মাগিলে আৰু তেওঁৰ পৰা কিছু অস্ত্র-বিদ্যা প্রার্থনা কৰিলে। ভীমৰ প্রার্থনা মতে কিছু অস্ত্র-বিদ্যা শিকাই ৰণত জয়ী হ'বলৈ বুলি আশীৰ্বাদ দি মহাদেৱে ভীমক বিদায় দিলে। ভীমে গৈ পুনৰ কাম্যত বনত মাক ভায়েকহতৰ লগ ল'লেগৈ।
প্রিয় হোৱাৰ কাৰণ: এই পুথিখন মই ভালপোৱাৰ কেবাটিও কাৰণ আছে। প্রথমে ইয়াৰ বিষয় বস্তুটিয়ে বৰ আকৰ্ষণীয়। এই আকৰ্ষণীয় কাহিনীটোক কবিয়ে ৰস, অলংকাৰ, চিত্র-ধর্মিতা আদি গুণেৰে সোণত সুৱগা চৰোৱা যেন কৰি তুলিছে। গোটেই কাহিনী টো আৰম্ভণিৰপৰা শেষলৈকে লঘু হাস্যৰসেৰে টুপটুপীয়া হৈ আছে। পুথিখনিত অতিৰঞ্জন আৰু অতিশয়োক্তিৰ মাত্রা সৰহ, কিন্তু সেইবোৰ হাস্যৰসৰ অনুকূল হোৱা বাবে বেছ উপভোগ্য হৈছে।
পুথিখনৰ ভাষা অতি প্ৰাঞ্জল অথচ সুন্দৰ অর্থব্যঞ্জক। এই বাবেই পুথিৰ দুই-এফাঁকি পদ প্রৱচনৰূপে আজিও মুখে মুখে চলি অহা দেখা যায়। যেনেঃ "আন দিনা বলি দেখোঁ গৰ্ভ যাই গলি। আজি দেখোঁ বলিগোটে হাসে খলিখলি। "
" ভীমে বোলে শুন ওৰে বকাসুৰ ভাই। মই ভাত খাওঁ, তই থাক বাট চাই। " পার্বতী বোলয় শিশুগুটি বৰ টালি। পৰশুইৰ কথা কবে কালিৰ ছবালি। " - ইত্যাদি।
সামাজিক চিত্র আৰু ধৰ্মীয় ভাবেও পুথিখনৰ মূল্য বঢ়াইছে। মহাদেৱৰ কৃষিকর্ম আৰু কুৱেৰৰ ধন ধাৰলৈ দিয়া কার্য অসমীয়া গ্ৰাম্য জীৱনৰ চিত্ৰ বিশেষ। ইয়াৰ উপৰিও ঘৰ-দুৱাৰ, অন্ন-ব্যঞ্জনৰ বৰ্ণনাত অসমীয়া সমাজৰ গৃহ-নিৰ্মাণ কৌশল আৰু ৰন্ধন কলাৰ পৰিচয় পোৱা যায়।
সামৰণি: ওপৰত আলোচনা কৰা এই গুণ সমূহৰ কাৰণেই 500 বছৰ আগেয়ে ৰচনা কৰা এই এধানিমান পুথিখনিয়ে আজিও যিকোনো পাঠকৰ চিত্ত আকৰ্ষণ কৰে। এইবোৰ কাৰণতহে বাৰে বাৰে পঢ়িও পুথিখন মোৰ ভাল লাগে, আৰু মই ভাবো যদিও ভিন্ন ৰুচিহি লোকো:- মানুহৰ ৰুচি ভিন ভিন, তথাপি ইয়াক পঢ়ি মোৰ দৰেই আৰু বহুতে ভাল পাব।
Post a Comment
0 Comments