Type Here about your Information !

অসমৰ প্ৰাকৃতিক সম্পদ - ৰচনা

 অসমৰ প্ৰাকৃতিক সম্পদ 

(আৰম্ভণি, প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰ, সম্পদবোৰৰ ব্যৱহাৰ, সামৰণি)

আৰম্ভণিঃ ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যি কেইখন ৰাজ্য আছে তাৰ ভিতৰত অসম অন্যতম আৰু অনন্য। কোনো বিধ প্ৰাকৃতিক সম্পদে ই এই ৰাজ্যত নোহোৱা নহয়। কিছুমান সম্পদ এতিয়াও অনাবিস্কৃত হৈয়ে আছে। যিখিনি আৱিষ্কৃত হৈছে তাৰপৰাও স্বৰূপাৰ্থত অসমীয়া মানুহ খিনিয়েই সম্পূৰ্ণ ভাবে উপকৃত হোৱা নাই। যি ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী সেই ৰাজ্য শিল্প বাণিজ্য টো চহকী হয়। অসম কিন্তু ইয়াৰ ব্যতিক্ৰম। ইমানবোৰ প্ৰকৃতি জাত সম্পদ বা  কেঁচা মাল থকা সত্ত্বেও অসম শিল্প বাণিজ্যত তেণেই পিছপৰা। যি দুটা এটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে, তাৰোগৰাকি সাধাৰণতে বহিৰাগত। আনকি প্ৰকৃতি জাত কেচামালৰ ব্যৱসায়ো প্ৰধানকৈ অনা অসমীয়াৰ হাতত।

প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰঃ বনজাত, খনিজাত, জলজাত আৰু মাটিৰ উৰ্বৰতা হেতু কৃষিজাত বস্তু বোৰেই হল প্ৰাকৃতিক সম্পদ। আনকি পানী আৰু মাটিও প্ৰাকৃতিক সম্পদৰ লেখত পৰে। 

সম্পদ বোৰৰ ব্যৱহাৰঃ অসমৰ হাবিবোৰ নানান মূল্যবান  গছগছনি, লতা গুল্মেৰে পৰিপূৰ্ণ । শাল, চেগুন, শলখ, আজাৰ আদি ঘৰ আৰু ঘৰুৱা আচবাব সজোৱা কামৰ কাৰণে উপযোগী। অসমৰ হাবিত দৰৱ-জাতীয় গছ-লতাও ঢেৰ পোৱা যায়। কাগজ শিল্প ঘাই উৎপাদন বাঁহ, জুইশলা কাৰখানাৰ ঘাই উৎপাদন শিমলু গছো এইদেশৰ হাবিত প্ৰচুৰ উৎপন্ন হয়। মচলাজাতিয় গছ, বৰসমমুৰি, মেজাংকৰি আদি ৰঙৰ গছ, হিমলুৰ তুলা আৰু লাৰ কাৰণেও অসমৰ হাবি বিখ্যাত। অসমৰ হাবিত জন্মাবেত আন এবিধ উল্লেখযোগ্য সম্পদ। হাবিৰ মাজত নানা বিধ ফল মূলো আপুনা আপুনি জন্মে। ইয়াৰ কোনো কোনো বিধ মানুহৰ খাদ্য। অসমৰ হাবিত ওপজা সুকাঠী গছ, নাহৰৰ গুটি পদ্ম কাঠ আৰু চিত্ৰ নলা বনৰ পৰা তেল আৰু সুগন্ধি দ্ৰব্য প্ৰস্তুত হয়। ইয়াৰ পৰ্বত আৰু হবিবোৰ নানান জন্তু জানো ৱাৰ, চৰাই চিৰিকতিৰ বাসভূমি। এইবোৰৰ ভিতৰত বাঘ, ভালুক, হাতী, গড়, পহু আদি আৰু ধনেশ, ময়োৰ, দেয়োৰাজ হাঁহ আদি চৰাই উল্লেখযোগ্য। হাতী আৰু গড় বৰ মূল্যবান জন্তু। এইবোৰ জন্তু দুৰ দেশলৈ চালান দি অসম চৰকাৰে বহু টকা আয় কৰে। বাঘ, ভালুক আৰু পহুৰ ছাল, পহু ৰ শিং, গড়ৰ ছাল আৰু খৰ্গ, হাতীৰ হাড়, দাত বৰ মূল্যবান। প্ৰাকৃতিক দুৰ্যোগ আৰু লুভিয়া চিকাৰিৰ উৎপাতত এইবোৰ জন্তু জান ৱাৰ আৰু চৰাই - চিৰীকতি লুপ পাবলৈ ধৰিছে। সেয়ে চৰকাৰে ইয়াৰ সুৰক্ষা ব্যৱস্থা কৰিছে।  অসমত বৰ্তমান প্ৰায় সাত শ পঞ্চাশ বিধ বনৰীয়া চৰাই আছে। বনজ সম্পদৰ ভিত্তিত প্লাইউড, কাঠফলা কল, জুইশলা কাৰখানা ৰ নিচিনা দুই এটা সৰু সুৰা উদ্যোগৰ উপৰিও সম্প্ৰতি যোগীঘো পাত কাগজৰ কল স্থাপিত হৈছে  আৰু জাগীৰোডৰ ওচৰত আৰু এটা কাগজৰ কল নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত আগবাহিছে।

    খনিজ শিল্পৰ ভিতৰত বিভিন্ন মাটি আৰু শিলৰ উপৰিও চূণ, কেৰাচিন তেল, পেট্ৰল, ডিজেল, মমবাতি আৰু কয়লা আদি উল্লেখযোগ্য। বোকাজান ত চূণশিল, লিডু - মাৰ্ঘেৰিটা টিপং- বৰগোলা ইত কয়লা আৰু ডিগবৈ, দুলিয়াজান, হুগ্ৰীজান, নাহৰকটীয়া , মৰাণ, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী আদি ঠাইত পেট্ৰোলিয়াম ৰ পূং আৱিষ্কৃত হৈছে , ইয়াৰ উপৰিও আৰু ভালেমান ঠাইত পেট্ৰোলিয়াম আৰু কয়লা ৰ সন্ধান পোৱা গৈছে।

    গোৱালপাৰাৰ কোনো কোনো ঠাইত লোৰ সন্ধান পোৱা গৈছে। অসমত তাম আৰু সোনৰ খনি পোৱাৰ সম্ভাৱনা ও আছে হেনো। অসমৰ তেল শোধন ৰ বাবে  'ডিগবৈ' ত আগৰ পৰাই এটা সৰু তেল শোধনাগাৰ আছিল। এতিয়া গুৱাহাটীৰ নুনমাতি আৰু ' বঙাইগাঁওত ' আকৌ দুটা সৰু তেল শোধনাগাৰ স্থাপিত হৈছে। কিন্তু অসমৰ অধিকাংশ খাৰুৱা তেল পাইপেৰে বিহাৰৰ বাৰাউনি শোধনাগাৰ লৈ নিয়া হয়। চূণ চিমেন্তৰ ঘাই উপাদান। কাৰ্বি আংলং জিলাৰ বোকাজান ত চিমেণ্ট কাৰখানা এটা স্থাপন হৈছে। 

    জলজ সম্পদৰ ভিতৰত অসমৰ নদী-নলা আৰু ইয়াত থকা মাছ কাছ আদিক ধৰা হয়। অসমৰ নৈ বোৰ খৰস্ৰোতা আৰু বাৰিষা-খৰালি উভয় সময়তে ইয়াত পানীৰ অভাৱ নহয়। এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে বৰ উপযোগী। বিদ্যুৎ কলকাৰখনা পৰিচালনাৰ উপৰিও বৰ্তমান দৈনন্দিন জীবনৰোঁ অপৰিহাৰ্য ইন্ধন হৈ পৰিছে। অথচ এনে এটা সুবিধা থকা সত্ত্বেও অসমে বৰ্তমান সাধাৰণ ব্যৱহাৰ্য বিদ্যুৎ-খিনিকে যোগাব পৰা নাই।

    অসমৰ মাটি স্বাভাবিকতে সাৰুৱা। ইয়াত প্ৰায় সকলো ধৰণৰ শস্যাকে উৎপন্ন কৰিব পাৰি। ধান অসমৰ প্ৰধান খেতি। মাহ, আলু আৰু তেল গুটিৰ শস্যও কিছু পৰিমাণে হয়। মৰাপাট আৰু আজি দুই তিনি বছৰ মানৰ পৰা ঘেহু উৎপাদন কৰিও খেতিয়কসকলে সুফল লাভ কৰিছে। কপাহ, কুঁহিয়াৰ, কল , মাটিকঁঠাল, তামোল, নাৰিকল, আদিৰ খেতিও ইয়াত ভালকৈয়ে হয়। সুমথিৰা  টেঙাৰ খেতি কিছু পৰিমাণে বৈজ্ঞানিক ধৰণে কৰিলেও আন আন ফলৰ খেতি তেনেকৈ কৰা হোৱা নাই। অসমৰ মাটি কাজু বাদাম আৰু চিত্ৰনলাৰ খেতিৰো উপযোগী, কিন্তু উদ্যমী লোকৰ অভাৱত এই দুবিধ খেতি অসমত প্ৰচলন হোৱা নাই। অসম বৰ্তমান চাহ খেতিৰ বাবে বিখ্যাত। কিন্তু ইয়াৰ খেতিও ইংৰাজ চাহাব সকলেহে প্ৰবৰ্তন কৰিছিল। 

    এৰি-মুগা-পাট পলু ও প্ৰকৃতি ৰে দান। অসমৰ হাবিত সোৱালো,  নুনি গছ, এৰাগছ আদি প্ৰচুৰ পৰিমাণে হয় কাৰণে এইকেইবিধৰ পলু অসমত উৎপন্ন হয়। অসমৰ শুৱালকুছি মুগা পাট আৰু পলাশবাৰী অঞ্চলৰ এৰীয়া কাপোৰ ভাৰত বিখ্যাত। ইয়াৰ উপৰিও শন বিহা আদি আহ জাতীয় বস্তু উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু ইমান বোৰ বস্তু উৎপন্ন হোৱা আৰু উৎপন্ন ৰ সম্ভাৱনা থকাটো অসমৰ খেতিয়ক ৰ দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা অৱস্থা। বানপানীয়ে অসমীয়া খেতিয়কৰ কঁকাল ভাঙে। 

সামৰণিঃ অসমত যিমান বোৰ প্ৰাকৃতিক সম্পদ আছে , সেই আটাইকে উদ্ধাৰ কৰি তাক যথাযোগ্য ভাবে কামত লগাব পাৰিলে অসমৰ অৱস্থা নদন বদন নহৈ নোৱাৰে। তাৰ কাৰণে চৰকাৰ আৰু দেশৰ জনসাধাৰণে আগবাঢ়ি আহিব লাগিব। আনহাতে কোনো সম্পদেই চিৰস্থায়ী নহয়, তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰি মিতব্যয়িতাৰে যদি কামত লগোৱা নহয়। অসমৰ প্ৰাকৃতিক সম্পদ ৰাজিৰ ব্যৱহাৰ টো মিতব্যয়িতা অৱলম্বন কৰি তাক সংৰক্ষণ আৰু সংবৰ্ধন নকৰিলে অচিৰেই ই নাইকিয়া হব। সেইবাবেই এই তিনিওটা ব্যৱস্থাত গুৰুত্ব দিয়া উচিত।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.