Type Here about your Information !

অসমীয়া সাধাৰণ জ্ঞান - ৯ (প্ৰশ্নোত্তৰ)

 

অসমীয়া সাধাৰণ জ্ঞান - ৯ (প্ৰশ্নোত্তৰ)

প্ৰশ্ন : উত্তৰ – পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত?

উত্তৰ : মালিগাঁও।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল?

উত্তৰ : শ্ৰী বি. চি. গাংগুলী।

প্ৰশ্ন : ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মান কৰা হৈছিল?

উত্তৰ : ১৮৮১ চনত।

প্ৰশ্ন : শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত?

উত্তৰ : কুম্ভীৰগ্ৰাম।

প্ৰশ্ন : অসমৰ প্ৰথম আকাশী জানৰ চালক জন কোন?

উত্তৰ : মহানন্দ দাস।

প্ৰশ্ন : ১৯৬২ চনত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাটৰ দলং উদ্ধোধন কোনে কৰিছিল?

উত্তৰ : জৱাহৰলাল নেহৰু।

প্ৰশ্ন : অসমত কোন চনত নৌ-সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

প্ৰশ্ন : অসমৰ ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি?

উত্তৰ : ঘাইপথ নং ৩১।

প্ৰশ্ন : অসমত প্ৰধান ঘাইপথ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৮৬৬ চনত।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত প্ৰথম নৌ সেৱাৰ কাম-কাজ কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৩৩ চনত।

প্ৰশ্ন : শৰাইঘাট দলং কোন চনত প্ৰতিষ্ঠিত হৈছিল?

উত্তৰ : ১৯৬২ চনৰ এপ্ৰিলত।

প্ৰশ্ন : অসমৰ ৰে’লৰ সংযোগ প্ৰকল্প কোন চনত সম্পন্ন কৰা হৈছিল?

উত্তৰ : ১৯৫০ চনত।

প্ৰশ্ন : অসমত কিমানটা বিমান বন্দৰ আছে?

উত্তৰ : ………..টা।

প্ৰশ্ন : অসমত কিমান চনত ৰে’ল লাইন স্থাপন কৰা হৈছিল?

উত্তৰ : ১৮৮৫ চনত।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯৯৮ চনৰ ১৫ এপ্ৰিলত।

প্ৰশ্ন : অসমত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা কিমান চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৬৬ চনত।

প্ৰশ্ন : অসমৰ ক’ত ৰে’লৰ ইঞ্জিন মেৰামতি কৰা হয়?

উত্তৰ : ডিব্ৰুগড় আৰু বঙাইগাঁৱত।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত কিমান খন দলং আছে ?

উত্তৰ : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত ছয়খন দলং আছে |

প্ৰশ্ন : গুৱাহাটীত প্ৰথম ব্ৰডগজ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৯৮৪ চনৰ ২৪ এপ্ৰিল।

প্ৰশ্ন : অসমৰ ৰে’লপথ পৰিবহণ ব্যৱস্থাযুক্ত দুখন দলঙৰ নাম কি কি?

উত্তৰ : শৰাইঘাট দলং আৰু নৰনাৰায়ণ সেতু।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.