Type Here about your Information !

অসমীয়া সাধাৰণ জ্ঞান - ৮ (প্ৰশ্নোত্তৰ)

অসমীয়া সাধাৰণ জ্ঞান - ৮ (প্ৰশ্নোত্তৰ)

প্ৰশ্ন : অসমৰ গৌৰৱময় সূতা কি?

উত্তৰ : মুগা।

প্ৰশ্ন : শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।

প্ৰশ্ন : গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?

উত্তৰ : মৃৎ শিল্প।

প্ৰশ্ন : হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কুমাৰশালৰ।

প্ৰশ্ন : পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?

উত্তৰ : শিৱসাগৰ।

প্ৰশ্ন : ‘অ’ক টাচাৰ’ অসমত কোন চনত প্ৰচলিত হয়?

উত্তৰ : ১৯৭২ চনত।

প্ৰশ্ন : পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি?

উত্তৰ : এশিঙীয়া গঁড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰুপ।

প্ৰশ্ন : কাঁহী, শৰাই, বাটি, লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী?

উত্তৰ : পিতল।

প্ৰশ্ন : কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

প্ৰশ্ন : চাহৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : কেমেলিয়া চিনেনচিছ।

প্ৰশ্ন : অসমত বছৰি গড়ে চাহ উৎপন্নৰ পৰিমাণ কিমান?

উত্তৰ : ৪০০ মিলিয়ন কিঃ গ্ৰাঃ (প্ৰায়)।

প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰ্টো ক’ত অৱস্থিত?

উত্তৰ : যোৰহাটৰ টোক্‌লাই।

প্ৰশ্ন : অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান?

উত্তৰ : কাকজান চাহ প্ৰতিষ্ঠান।

প্ৰশ্ন : অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো?

উত্তৰ : দি আছাম কোম্পানী।

প্ৰশ্ন : গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯৭০ চনত।

প্ৰশ্ন : অসমৰ কোনখন জিলাত গুডৰিক চাহ উদ্যোগটো প্ৰতিষ্ঠিত হৈছিল?

উত্তৰ : দৰং জিলাত।

প্ৰশ্ন : প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল?

উত্তৰ : জগন্নাথ বৰুৱা।

প্ৰশ্ন : ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?

উত্তৰ : ৫৫ শতাংশ।

প্ৰশ্ন : চিংফৌ সকলৰ পৰা কোনে চাহৰ অৱস্থিতী আৱিষ্কাৰ কৰিছিল?

উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।

প্ৰশ্ন : অসমত ‘চাহ বাগিছাৰ জনক’ বুলি কাক কোৱা হয়?

উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।

প্ৰশ্ন : কোনে প্ৰথম বাৰৰ বাবে অসমত চাহ খেতিৰ প্ৰচলন কৰিছিল আৰু কেনেদৰে কৰিছিল?

উত্তৰ : চিংফৌ সকলে চাহ খেতি আৰম্ভ কৰিছিল আৰু ইয়াক দৰব হিচাপে ব্যৱহাৰ কৰিছিল।

প্ৰশ্ন : ব্ৰিটিছ সকলে অসমত (ভাৰত) স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত ‘চাবুৱা চাহ প্ৰতিষ্ঠান’।

প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণাগাৰটোৰ নাম কি আৰ ই ক’ত অৱস্থিত?

উত্তৰ : যোৰহাটৰ টোকোলাইত অৱস্থিত ‘টোকলাই চাহ গৱেষণা কেন্দ্ৰ’।

প্ৰশ্ন : অসমৰ কোন কেইখন জিলাত সৰ্বাধিক চাহ উৎপাদন হয়?

উত্তৰ : অসমৰ ক্ৰমে ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ আৰু কাছাৰ এই জিলা কেইখনত সৰ্বাধিক চাহ উৎপাদন হয়।

প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপন্ন হোৱা অঞ্চলটোৰ নাম কি?

উত্তৰ : প্ৰায় ৭০০ খন চাহ বাগিছাৰে উজনি অসমৰ অঞ্চল সমূহত পৃথিৱীৰ সৰ্বাধিক চাহ উৎপন্ন হয়।

প্ৰশ্ন : বাণিজ্যিক সুবিধাৰ্থে কোনে প্ৰথমে চাহ খেতি আৰম্ভ কৰিছিল?

উত্তৰ : মণিৰাম দেৱান।

প্ৰশ্ন : অসম চাহ নিগম (Assam Tea Corporation) কেতিয়া গঠন কৰা হয়?

উত্তৰ : ১৯৭৩ চনত।

প্ৰশ্ন : সৰ্বমুঠ চাহ নিলামৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থান প্ৰাপ্ত বৰ্তমান পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ চি.টি.চি. (CTC) চাহ নিলাম কেন্দ্ৰটো কি?

উত্তৰ : ১৯৭০ চনত স্থাপিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ।

প্ৰশ্ন : ‘পিগমী-হ’গ (Pigmy-Hog) ৰ অসমীয়া স্থানীয় নাম কি?

উত্তৰ : নল গাহৰি।

প্ৰশ্ন : শোণিতপুৰ জিলাৰ মুখ্য আকৰ্ষণ সমূহ কি কি?

উত্তৰ : বেংগল ফ্লোৰিকান আৰু এশিঙীয়া গঁড়।

প্ৰশ্ন : ভাৰতীয় ধনেশ পক্ষী আৰু বৃহৎ পখৰা ধনেশ পক্ষীক একেলগে কি বুলি কোৱা হয়?

উত্তৰ : দেওহাঁহ।

প্ৰশ্ন : ভাৰত চৰকাৰে কিমান চনত বৰনদীক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?

উত্তৰ : ১৯৮১ চনত।

প্ৰশ্ন : অসমৰ বহত্তম বৃক্ষ ডালৰ নাম কি?

উত্তৰ : হলং।

প্ৰশ্ন : অসমত পোৱা বন-মানুহ বিধক কি বুলি কোৱা হয়?

উত্তৰ : হুলক গিবন।

প্ৰশ্ন : কোনবিধ জন্তৰ বাবে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনে বিশ্ব দৰবাৰত গৌৰৱ কঢ়িয়াই আনিছে?

উত্তৰ : এশিঙীয়া গঁড়।

প্ৰশ্ন : গৰমপানী অভয়াৰণ্য কিহৰ বাবে বিখ্যাত?

উত্তৰ : গৰমপানীৰ উঁহৰ বাবে বিখ্যাত।

প্ৰশ্ন : গুৱাহাটীৰ মহানগৰৰ কোন ঠাইত এশিঙীয়া গঁড় পোৱা যায়?

উত্তৰ : ৰাজ্যিক চিৰিয়াখানা সংলগ্ন ব’টানিকেল উদ্যান।

প্ৰশ্ন : অসমৰ সমভূমি অঞ্চলৰ জিলা সমূহৰ বনজ সম্পদ সমূহ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা হৈছে?

উত্তৰ : বন বিভাগ, অসম।

প্ৰশ্ন : অসমৰ ৰাজ্যিক পশু কি?

উত্তৰ : এশিঙীয়া গঁড়।

প্ৰশ্ন : ‘ইউ ডাইনামিছ স্কোলোপাছিয়া’ বৈজ্ঞানিক নামৰ এই পক্ষীৰ প্ৰজাতিটোৰ অসমৰ বিহু উৎসৱৰ লগত এক বিশেষ গুৰুত্ব জড়িত। পক্ষী বিধৰ নাম কি?

উত্তৰ : কুলি।

প্ৰশ্ন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ মাটিকালি কিমান?

উত্তৰ : ৪৩০ বৰ্গ কিঃমিঃ (প্ৰায়)।

প্ৰশ্ন : সোণাই-ৰুপাই অভয়াৰণ্য খন ক’ত অৱস্থিত?

উত্তৰ : শোণিতপুৰ জিলাত।

প্ৰশ্ন : মানস অভয়াৰণ্য কোন বিধ জন্তৰ বাবে বিখ্যাত?

উত্তৰ : বাঘ।

প্ৰশ্ন : পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৮৭ চনত।

প্ৰশ্ন : মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৯০ চনত।

প্ৰশ্ন : নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?

উত্তৰ : শোণিতপুৰ জিলা।

প্ৰশ্ন : অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কোন খন?

উত্তৰ : মানাহ ৰাষ্ট্ৰীয় উদ্যান।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.