Type Here about your Information !

অসমীয়া সাধাৰণ জ্ঞান - ৬ (প্ৰশ্নোত্তৰ)

অসমীয়া সাধাৰণ জ্ঞান - ৬ (প্ৰশ্নোত্তৰ)

প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।

৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।

৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।

১০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।

২) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

৩) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।

৪) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

৬) প্ৰশ্ন : আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

৭) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

৮) প্ৰশ্ন : ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

৯) প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?

উত্তৰ : মহম্মদ ইবন বখ্‌তিয়া।

১০) প্ৰশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

১১) প্ৰশ্ন : ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন : শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি?

উত্তৰ : বিহু।

২) প্ৰশ্ন : ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?

উত্তৰ : অসমীয়া নৱবৰ্ষ।

৩) প্ৰশ্ন : অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?

উত্তৰ : টুচু-পূজা।

৪) প্ৰশ্ন : ৰাভা সকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায়?

উত্তৰ : বাইখো।

৫) প্ৰশ্ন : অসমৰ কোন খন ঠাইত অতি উৎসাহ – উদ্দীপনাৰে ‘শিৱৰাত্ৰি’ পালন কৰা হয়?

উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।

৬) প্ৰশ্ন : কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকা খন অংকন কৰিছিল?

উত্তৰ : নিপ বৰুৱা।

৭) প্ৰশ্ন : কামাখ্যা দেৱীৰ মন্দিৰত ‘তান্ত্ৰিক’ শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি?

উত্তৰ : অম্বুবাচী মেলা।

৮) প্ৰশ্ন : অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ : বিহু।

৯) প্ৰশ্ন : মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একলগ হৈ খেৰ-নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতি ভোজ খায়। এই নৰাৰ ঘৰটোক কি বোলে?

উত্তৰ : ভেলা ঘৰ।

প্ৰশ্ন : তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি?

উত্তৰ : গামোছা।

২) প্ৰশ্ন : অসমীয়া মানুহে বিশিষ্ট ব্যক্তি সকলক গামোছাৰে কি জনায়?

উত্তৰ : সম্বৰ্দ্ধনা, শ্ৰদ্ধা।

৩) প্ৰশ্ন : অসমীয়া পুৰুষ সকলে পৰিধান কৰা মুখ্য পোছাক কি?

উত্তৰ : ধুতি – চুৰিয়া।

৪) প্ৰশ্ন : অসমীয়া মহিলা সকলৰ প্ৰধান সাজ-পোছাক কি?

উত্তৰ : মেখেলা – চাদৰ।

৫) প্ৰশ্ন : বিহু নৃত্য পৰিবেশনৰ সময়ত অসমীয়া মহিলাই হাতত কি পিন্ধে?

উত্তৰ : গামখাৰু।

৬) প্ৰশ্ন : অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত আত্মীয় – স্বজনক কিদৰে শুভেচ্ছ জনায়?

উত্তৰ : গামোছাৰে।

৭) প্ৰশ্ন : সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ২০০০ চনত।

৮) প্ৰশ্ন : বিশেষকৈ মাঘৰ বিহুত চাউলৰ গুড়িৰে কি বনোৱা হয়?

উত্তৰ : পিঠা।

৯) প্ৰশ্ন : অসমীয়া লোকৰ নীতি অনুসৰি নৱজাতক শিশু জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসটোৰ নাম কি?

উত্তৰ : গাননি।

১০) প্ৰশ্ন : অসমৰ প্ৰধান লোক-সংগীত সমূহৰ নাম কি কি?

উত্তৰ : আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰুপী লোকগীত, বিহুগীত, বনগীত, জিকিৰ-জাৰী ইত্যাদি

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.